সৰুক্ষেত্ৰী সমষ্টিৰ এটা পথে জ্বলাকলা খোৱাইছে ৰাইজক

 09/11/2021 - 12:19
 
 
বৰপেটাঃ পথ নে পুখুৰী ধৰিবই নোৱাৰি। বিধ্বস্ত এই পথটো হ’ল বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ লোক নিৰ্মাণ বিভাগৰ এৰা-বামুন্দি-শিংৰা পথ। বছৰ বছৰ ধৰি এই পথটোৰ হোৱা নাই মেৰামতি। ফলত পুখুৰীৰ মাজতে হৈছে বৃহৎ বৃহৎ গাঁত। যাৰবাবে বহু বছৰৰ পৰা বন্ধ হৈ আছে গধুৰ যান-বাহনৰ চলাচল। মৰণত শৰণ লৈ সৰুক্ষেত্ৰী সমষ্টিৰ এৰা, এৰাট্টাৰি, হাৰিভাঙ্গা, বামুন্দি, বোগচাৰা আদিকে ধৰি অৰ্ধশতাধিক গাঁৱৰ ৰাইজে এই পথেৰে কৰি আছে যাতায়াত।
 
বহুবাৰ পথটোত সংঘটিত হৈছে দুৰ্ঘটনা। স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰো উদাসীন এই পথটোক লৈ। লোক নিৰ্মাণ বিভাগো এতিয়া কুম্ভকৰ্ণ নিদ্ৰাত। যাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোৰ ৰাইজে ভূঞ্জিব লগীয়া হৈছে যন্ত্ৰণা। আৰু এইদৰেই সৰুক্ষেত্ৰীত এতিয়া চলিছে যাতায়ত। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।