ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দুটা পথৰ উন্নয়নৰ আশ্বাস

 09/15/2021 - 14:03
 
 
নিউজ ডেস্কঃ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সপত্নীসহ সেৱা লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
 
বিশেষ দুটা গুৰুত্বপূৰ্ণ পথ ঢেকীয়াখোৱা পৰা জাঁজীমুখ সংয়োগী পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰ সংযোগী পথৰ উন্নয়নৰ আশ্বাস দিয়ে৷
 
লগতে ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি কয়৷
 
মুখ্যমন্ত্ৰীৰ লগত- মন্ত্ৰী ৰনোজ পেগু, সাংসদ কামাখ্যা প্ৰসাদ তাচা, তপন গগৈ, ৰমেন ডেকা বিধায়ীকা ৰেনুপমা ৰাজখোৱাই সংগ দিয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।