লিডুত তীজ সমাৰোহৰ আয়োজন

 09/15/2021 - 16:13
 
 
 
 
 
মাৰ্ঘেৰিটাঃ আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুৰ পাটকাই ষ্টেডিয়ামত গোৰ্খা মহিলা সমিতি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত গোৰ্খা মহিলা লিডু প্ৰাথমিক শাখা সমিতি, আগছু লিডু আৰু সদৌ গোৰ্খা মহিলা প্ৰাথমিক শাখা সমিতি তথা লিডুৰ জনগণৰ সহযোগত আয়োজন কৰা হয় তীজ সমাৰোহ।
 
আজিৰ এই তীজ সমাৰোহত সকলো দলীয় শাখাৰ সভানেত্ৰী সকলে সৰ্বপ্ৰথমে গোৰ্খা জাতীয় পতাকা উত্তোলন কৰে তাৰ পাছতেই পৰৱৰ্তী কাৰ্য্যসূচী হিচাপে বীৰ শ্বহীদসকলক স্মৃতি ৰক্ষাৰ্থে শহীদ বেদিত স্মৃতি তৰ্পণ কৰা হয়।
 
আজিৰ এই তীজ সমাৰোহত মঞ্চ উদ্বোধন কৰে হিল ভিউ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষিকা সবনম বসনেত। সমাৰোহ নত সকলো বিশিষ্ট ব্যক্তি তথা মুখ্য অতিথি সকলক ফুলাম গামোছা আৰু গোৰ্খাসকলৰ জাতীয় টুপিৰে সন্মান জনোৱাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।