লক্ষীপুৰ নগৰৰ খাকিলা মাৰী ৪ নং ৱাৰ্ডৰ বাসিন্দা ফুলবৰ আলীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ অগ্নি সংযোগ কোনো দুৰ্বৃত্তৰ, প্ৰায় ৪ লাখ টকাৰ সা-সম্পত্তি বিনষ্ট

 09/15/2021 - 16:25
 
 
 
 
 
লক্ষীপুৰঃ প্ৰথমে বাসগৃহৰ সা-সামগ্ৰী চুৰি কৰি পিছত অগ্নি সংযোগ কৰি পলায়ন দুৰ্বৃত্তৰ, প্ৰায় ৪ লাখ টকাৰ সা সম্পত্তি বিনষ্ট, অঞ্চলজুৰি চাঞ্চল্য।
 
জানিব পৰামতে যোৱাকালি দুপৰীয়া আনুমানিক ১২ বজাত লক্ষীপুৰ নগৰৰ খাকিলা মাৰী ৪ নং ৱাৰ্ডৰ বাসিন্দা ফুলবৰ আলী নামৰ লোকজনৰ ঘৰত হঠাৎ এক অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। লগে লগে অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
 
ফলত ঘৰটোত থকা সকলো সা-সামগ্ৰী, প্ৰয়োজনীয় নথিপত্ৰসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনোবা শত্ৰুৱে এনে ঘটনা সংঘটিত কৰা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
 
ইতিমধ্যে ভুক্তভোগী ফুলবৰ আলীয়ে লক্ষীপুৰ থানাত এখন এজাৰ দাখিল কৰিছে৷ আৰক্ষীৰ তদন্ত ওলাই পৰিব ইয়াৰ আৰৰ মূল ৰহস্য। এনেধৰণৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত এক প্ৰকাৰ আতংকময় পৰিৱেশ বিৰাজ কৰিছে পৰিয়ালটোৰ মাজত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।