জামুগুৰিহাটৰ ৰঙাচকুৱাত সুলভ মূল্যৰ চাউলত উদ্ধাৰ প্লাষ্টিকৰ চাউল, আতংকিত ৰাইজ

 09/15/2021 - 19:21
 
 
 
 
 
জামুগুৰিহাটঃ সুলভ মূল্যৰ চাউলৰ মাজত প্লাষ্টিকৰ চাউল উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱাত৷ মূঢ়াদল সমবায় সমিতিৰ পৰা প্ৰেৰণ কৰা তথা ৰঙাচকুৱাৰ এজন কন্ট্ৰল ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰা এই চাউল সমুহৰ মাজত বুধবাৰে উদ্ধাৰ কৰে বহুখিনি প্লাষ্টিকৰ চাউল৷ ৰঙাচকুৱা নিবাসী সমবায় সমিতিৰ গ্ৰাহক পুতুলি বৰা আৰু হিমা দেৱীয়ে কণ্ট্ৰলৰ চাউলৰ মাজৰ পৰা এই প্লাষ্টিকৰ চাউলসমূহ প্ৰথমে চিনাক্ত কৰে৷
 
পাচত চাউল সমূহ জুইত গলোৱাত সকলো কথা স্পষ্ট হৈ পৰে৷ চাউলসমূহ জুইত দিয়াৰ লগে লগে চাউলসমূহ ফুলি যোৱাৰ লগতে লেটেকা হৈ পৰাৰ লগতে প্লাষ্টিকৰ গোন্ধ ওলায়৷ ইতিমধ্যে এই প্লাষ্টিকৰ চাউলক লৈ এতিয়া সমগ্ৰ ৰঙাচকুৱা অঞ্চলত ৰহস্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে৷ ৰঙাচকুৱা অঞ্চলৰ একাংশ দুখীয়া ৰাইজ প্লাষ্টিকৰ চাউলক লৈ আতংকিত হৈ পৰাও দেখা গৈছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।