মৰিগাঁৱৰ বাচনাঘাটত মালবাহী টাটা মেজিকৰ খুন্দাত গুৰুতৰভাৱে আহত অচিনাকি মহিলা

 09/16/2021 - 13:49
 
 
মৰিগাঁওঃ মৰিগাঁও-জাগীৰোড সংযোগী পথৰ বাচনাঘাট তিনিআলিত মালবাহী টাটা মেজিকৰ খুন্দাত গুৰুতৰভাৱে আহত অচিনাকি মহিলা। ঘটনাৰ বিৱৰণী মতে মৰিগাঁও আৰক্ষীৰ থানাৰ অন্তৰ্গত বাচনা ঘাটত বৃহস্পতিবাৰে প্ৰায় দহমান বজাত AS02CC10006 নম্বৰ মালবাহী টাটামেজিক বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই মহিলা গৰাকীক খুন্দিয়াই আহত কৰে।
 
ইতিমধ্য ঘটনাস্থলীত মৰিগাঁও আৰক্ষী থানাৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত মহিলা গৰাকীক অতি সংকটজনক অৱস্থাত ততাতৈয়াকৈ মৰিগাঁও শ্বহীদ তিলক, হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। দুৰ্ঘটনাত পতিত হোৱা মহিলা গৰাকীৰ ঘৰ ক'ত বাতৰি লিখা সময়লৈকে জানিব পৰা হোৱা নাই।  
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।