মাজুলীৰ ডেকা শেনছোৱাৰ এটি পথে জ্বলাকলা খুৱাইছে ৰাইজক

 09/16/2021 - 14:17
 
 
 
 
মাজুলীঃ উন্নয়নৰ মুখ নেদেখা মাজুলীৰ এখন গাঁও। এতিয়াও ১০৮ সেৱাৰ গাড়ী আহিব নোৱাৰে গাঁওখনলৈ। উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মাজুলী সমষ্টিৰ বিধায়ক আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজিও চকু নপৰিল গাঁওখনৰ ওপৰত। গাঁওখনৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত একবিংশ শতিকাতো ভোগ কৰিব লগা হৈছে জীয়াতু।
 
একাঠু পানীত খোজ কাঢ়ি বিদ্যালয়লৈ যাব লাগে ছাত্র-ছাত্ৰী। চিকিৎসায়লৈ ৰোগী নিবলৈও অসুবিধাৰ সন্মুখীন হয় সাধাৰণ ৰাইজ। বোকোচাত তুলি অথবা চাঙিত উঠাই চিকিৎসালয়লৈ নিব লাগে ৰোগীক। আজি অনুসূচিত জাতি ছাত্র সন্থাৰ মাজুলী জিলাৰ সভাপতি বিকাশ দাসৰ নেতৃত্বত যোৱা এটা সজাতি দলে ৰাইজৰ সৈতে পথছোৱা পৰিদৰ্শন কৰি চৰকাৰক অতি সোনকালে পথটো সুচাৰুৰূপে নিৰ্মাণ কৰি দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাবলৈ দাবী জনাই। এতিয়া গাঁওবাসীয়ে চৰকাৰলৈ অনুৰোধ জনাইছে যাতে গাঁওবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই অতি সোনকালে পকীকৰণ কৰে পথটো। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।