ৰাজ্যত ইউৰিয়া সাৰৰ বৃহৎ নাটনিঃ কৃষকৰ মাজত হাহাকাৰ

 09/16/2021 - 15:01
 
 
 
 
 ৰঙিয়াঃ ইউৰিয়া সাৰৰ সাংঘাতিক নাটনিৰ ফলত ৰাজ্যৰ কৃষকসকলে বৃহৎ সমস্যাত পৰা দেখা গৈছে। শালিধানৰ বতৰত কৃষক সমাজত অতিকৈ প্ৰয়োজন হৈ পৰে ইউৰিয়া সাৰ। এনে এক সময়তে কৃষকসকলে খেতিপথাৰত খাৰ চটিওৱাবলৈ খাৰৰ দোকানত ইউৰিয়া সাৰ বিচাৰি হাহাকাৰ কৰা পৰিলক্ষিত হৈছে।
 
চৰকাৰে ৰাজ সাহাৰ্য্যযুক্ত হিচাপে কম মূল্যত কৃষকসকলক ইউৰিয়া সাৰৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে যদিও প্ৰায় এমাহ ধৰি  বজাৰত নাই ইউৰিয়া সাৰ। ইউৰিয়া সাৰৰ এনে নাটনিক লৈ কৃষকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে।
 
একাংশ কৃষকে সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে মন্ত্ৰী অতুল বৰাই কৃষকসকলৰ ক্ষেত্ৰত শালী খেতিৰ এনে সময়ত যি ধৰণে চিন্তা কৰিব লাগিছিল ঠিক তেনে ধৰণে চিন্তা নকৰাৰ ফলত কৃষকসকল এনে সমস্যাৰ সন্মুখীন হব লগা হৈছে। অভিযোগ অনুসৰি সাৰ ব্যৱসায়ৰ লগত জৰিত ৰাজ্যৰ বৃহৎ চক্ৰ এটাই ইউৰিয়া সাৰৰ এনে বৃহৎ নাটনি কৰি কৃষকসকলক সমস্যাত পেলোৱা বিষয়টো গুৰুত্ব সহকাৰে লবলৈ বিভাগীয় মন্ত্ৰীক পুনৰবাৰ অনুৰোধ জনাইছে৷ উল্লেখ্য যে এমাহৰ অন্তত ৰঙিয়াত যোৱাকালি মাত্ৰ ২০ টন সাৰৰ যোগান ধৰিছে যদিও দোকানীসকলে কৃষকক পৰ্যাপ্ত পৰিমাণে বিক্ৰী কৰিব পৰা নাই৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।