চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকালৈ Doctor of Business ডিগ্ৰী প্ৰদান

 09/16/2021 - 15:09
 
 
 
 
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকালৈ বুধবাৰে Doctor of Business ডিগ্ৰী প্ৰদান ডাউন টাউন ইউনিৰ্ভাৰচিটিৰ৷ ৰাজ্যখনৰ কৃষিখণ্ডলৈ আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবেই বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰা হয় এই ডিগ্ৰী৷
 
বুধবাৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে তেওঁলোকৰ অষ্টম সমাৱৰ্তনত এই ডিগ্ৰী প্ৰদান কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক৷ আনহাতে বিধায়ক গৰাকীক এই ডিগ্ৰী প্ৰদানত উৎফুল্লিত হৈ পৰা দেখা গৈছে চতিয়া সমষ্টিবাসী৷
 
সমষ্টিৰ ৰাইজে কয় চতিয়া সমষ্টিৰ বিধায়ক আমাৰ বাবে গৌৰৱ, আমাৰ মাৰ্গদৰ্শক, আমাৰ অভিভাৱক৷ বিধায়ক পদ্ম হাজৰিকা চতিয়া সমষ্টিৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ও সৰ্বপ্ৰিয় বিধায়ক৷ তেওঁ চতিয়া সমষ্টিত যি কৰ্ম সংস্কৃতি গঢ়ি তুলিছে তাৰ প্ৰতি আকৰ্ষিত হৈছে সমষ্টিটোৰ শ শ নিবনুৱা যুৱক৷
 
সমষ্টিটোৰ শ শ নিবনুৱা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ উঠিছে৷ সমষ্টিটোত এক নব কৃষি বিপ্লৱ সুচনা হৈছে৷ এই সময়ত এজন উপযুক্ত ব্যক্তিক ডাউন টাউন বিশ্ববিদ্যালয়ে উপযুক্ত মৰ্যদা দিয়া বুলি মন্তৱ্য কৰে সমষ্টিবাসী ৰাইজে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।