গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবী মাৰ্ঘেৰিটা সমষ্টিৰ ইনথেম আৰু কেটেতং পঞ্চায়তৰ ৰাইজৰ

 09/16/2021 - 15:40
 
 
 
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা সমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ আৰু কেটেতং পঞ্চায়ত অধীনৰ বুঢ়ীদিহিঙৰ গৰাখহনীয়া সমস্যাৰ সমাধানৰ লগতে বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক জনালে দাবী। বুঢ়ীদিহিঙৰ গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে কেইবা শ বিঘা ভূমি পানীত জাহ গৈছে মাৰ্ঘেৰিটা সমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ লংগাঁও-লংটিখাক গাঁৱৰ৷
 
ক্ৰমাগতভাৱে বুঢ়ীদিহিঙে সুঁতি সলোৱাৰ ওপক্ৰম কৰিছে৷ তেনেস্থলত এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে উক্ত স্থানত বুঢ়ীদিহিঙে সুঁতি সলাই নামনিৰ পিনে থকা পানী গাঁও, ডুমপানী, বান্দাটুলা, পাংনা, নংলাই, বাঘমৰা, মানমৌমুখ আদি গাঁওসমূহ নিশ্চিহ্ন কৰি পেলাব৷ গাঁওকেইখনৰ ভেটি-মাটি ৰক্ষাৰ বাবে চৰকাৰক অনুৰোধ জনাইছে স্থানীয় ৰাইজে৷
 
ইতিমধ্যেই ৩০০ পৰা ৫০০ শ বিঘা খেতি মাটি তথা তিনিখিনি গাঁৱৰ মানুহ ভূমিহীন হৈ পৰিছে৷ চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে বানপানী গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।