খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ স্বাৰ্থত তথা ৰাজ্যিক পাৰ-পত্ৰৰ ব্যৱস্থাৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ চাইকেলেৰে অসম পৰিভ্ৰমণ

 09/16/2021 - 15:48
 
 
 
জামুগুৰিহাটঃ অসমত খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ স্বাৰ্থত তথা ৰাজ্যিক পাৰ-পত্ৰৰ ব্যৱস্থাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক চাইকেল পৰিভ্ৰমণ কাৰ্য্যসূচী ৰূপায়ণ কৰে৷ সেইমৰ্মে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে নলবাৰীৰ পৰা গুৱাহাটীলৈকে গৈ চানমাৰীৰ মুখ্য কাৰ্য্যালয় পৰা আৰম্ভ কৰে এই যাত্ৰা৷
 
ৰাইজক পাৰ পত্ৰ ব্যৱস্থাৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্যৰে এই চাইকেল পৰিভ্ৰমণ কাৰ্য্যসূচী ৰূপায়ণ কৰা বুলি মন্তৱ্য কৰে কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা যুৱ ছাত্ৰ পৰিষদৰ সদস্য কেইগৰাকীয়ে৷
 
যোৱা মঙলবাৰে নলবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা সদস্য কেইগৰাকীক বৃহস্পতিবাৰে পুৱা জামুগুৰিহাটৰ টৌভঙাত উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতিয়ে৷ এই কাৰ্য্যসূচী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটীৰ মুখ্য কাৰ্য্যালয়ত অন্ত পেলাব বুলি মন্তৱ্য কৰে কাৰ্য্যসুচীত অংশগ্ৰহণকাৰী সদস্য কেইগৰাকীয়ে৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।