নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এইবাৰ কঠোৰ হৈছে দালাল চক্ৰৰ বিৰুদ্ধে

 09/16/2021 - 16:50
 
 
বটদ্ৰৱাঃ ড্ৰাগছ, মদ, জুৱা তথা বিভিন্ন অপৰাধজনিত কাৰ্যত জড়িত লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। এইবাৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কঠোৰ হৈছে দালাল চক্ৰৰ বিৰুদ্ধে।
 
নগাঁও জিলাৰ ৰূপহীহাটৰ, বটদ্ৰৱা, জুৰীয়া, ধিং আৰক্ষী থানাৰ লগতে বিভিন্ন থানাত একাংশ মধ্যভুগি দালালে চলাই আহিছে ৰাজত্ব।
 
দালালসকলে একাংশ আৰক্ষীৰ সৈতে গোপন মিতিৰালি কৰি থানালৈ যোৱা  সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি আহিছে। বটদ্ৰৱা আৰক্ষী থানাত চলি থকা দালালৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে। 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।