অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

 09/16/2021 - 18:32
 
 
নিউজ ডেস্কঃ দশম শ্ৰেণীৰ পাঠদান আৰম্ভ- হাইস্কুল,হাই মাদ্ৰাছা, আৱাসিক বিদ্যালয় ,দিবা ব’ৰ্ডি স্কুলৰ (চৰকাৰী আৰু বেচৰকাৰী) দশম শ্ৰেণীৰ পাঠদান ২০ ছেপ্তেম্বৰ , ২০২১ ৰ পৰা পুনৰ আৰম্ভ কৰাত অনুমোদন । শিক্ষানুষ্ঠান কৰ্তৃপক্ষৰ দ্বাৰা সকলো কৰ্মচাৰীৰ সম্পূৰ্ণ টিকাকৰণ নিশ্চিতকৰণ। 
সজাগতা সৃষ্টিৰ লক্ষ্যৰে গঁড়ৰ খৰ্গৰ ৰাজহুৱা দহন- গঁড়ৰ খৰ্গৰ লগত জড়িত ভ্ৰান্ত ধাৰণাসমূহ আঁতৰ কৰাৰ লগতে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যিক কোষাগাৰত থকা ২,৬২৩ টা  খৰ্গৰ ভিতৰত ২,৪৭৯ টা খৰ্গৰ ৰাজহুৱা দহন কাৰ্য্যসূচী। ৯৪ টা গঁড়ৰ খৰ্গ ঐতিহ্য হিচাপে সংৰক্ষণ কৰা হ’ব , আনহাতে আদালতত গোচৰাধীন হৈ থকা ৫০ টা খৰ্গৰ সংৰক্ষণ। ৰিক্সা, ঠেলাৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰ- নিম্ন আয়ৰ লোকসকলক সকাহ প্ৰদানৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগম ( ৰিক্সা আৰু ৰিক্সা চালকৰ অনুজ্ঞাপত্ৰ) আইন, ১৯৭৬ ৰ উপবিধি প্ৰত্যাহাৰ কৰি গুৱাহাটী মহানগৰীত চলাচল কৰা ৰিক্সা , ঠেলা , হাতে চলোৱা ঠেলা ( বানিজ্যত ব্যৱহৃত ) ৰ অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰ। পঞ্জীয়নৰ ক্ষেত্ৰত আধাৰ সংযোগী অনলাইন পঞ্জীয়ন ব্যৱস্থাৰ বাবে গুৱাহাটী পৌৰ নিগমে অন্বেষণ কৰিব। 
কৃষি বীমা- শস্য বীমা  প্ৰিমিয়াম পৰিশোধৰ দিশত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ৩৭৯ কোটি টকা ধাৰ্য। এই পদক্ষেপে ৰাজ্যখনৰ লক্ষাধিক কৃষকক লাভাম্বিত কৰিব। 
বীজ নিগমৰ উন্নীতকৰণ- অসম বীজ নিগম লিমিটেডৰ অধীনৰ ১২ খন ফাৰ্মৰ চাৰিসীমাত কাঁটা তাঁৰৰ বেৰ নিৰ্মাণৰ লগতে আন্তঃগাঁঠনি উন্নয়নত অনুমোদন। অসম বীজ নিগম লিমিটেডৰ অধীনৰ হ ৰ্টিকালচাৰ নাৰ্ছাৰী , গুৱাহাটী আৰু উলুবাৰী  নাৰ্ছাৰীৰ বিকাশত অনুমোদন আৰু অত্যাধুনিক নাৰ্ছাৰীলৈ ৰূপান্তৰ। 
কৃষি বিষয়াসকলৰ পদোন্নতি- কৃষি বিভাগৰ কাম-কাজসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কৃষি বিষয়াসকলৰ পদোন্নতিৰ ক্ষেত্ৰত যোগ্যতা  অৰ্জনকাৰী সেৱা শিথিলকৰণ।AIFA ৰ বাবে ২৫০ কোটি টকা - আন্তঃগাঁঠনি সম্পৰ্কীয় প্ৰকল্প ৰূপায়নৰ লক্ষ্যৰে অসম আন্তঃগাঁঠনি পুঁজি সংস্থা ৰ বাবে ২৫০ কোটি টকাৰ অনুমোদন৷ 
‘কৰম পৰৱ’ত চৰকাৰী বন্ধ- চাহ জনগোষ্ঠীৰ লোকসকলৰ পবিত্ৰ উসৱ  কৰম পৰৱ উপলক্ষে ৰাজ্যত ১৭ ছেপ্তেম্বৰ  দিনতো চৰকাৰী বন্ধ হিচাপে ঘোষণা৷
মুখ্য অভিযন্তা পদ- লোক নিৰ্মাণ( গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ অধীনত মুখ্য অভিযন্তা ( স্বাস্থ্য আৰু শিক্ষা)ৰ এটা পদবী সৃষ্টি৷ এই পদক্ষেপ লোক নিৰ্মাণ বিভাগৰ স্বাস্থ্য আৰু শিক্ষা সম্পৰ্কীয় বিভিন্ন উন্নয়নমূলক কাম-কাজসমূহ অধিক ক্ষিপ্ৰতৰ কৰি তুলিব৷ 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।