ৰঙিয়াত দিন-দুপৰতে ডকাইতি কাণ্ডঃ শিক্ষকৰ বাইকৰ টুলবক্সৰ তলা ভাঙি দুৰ্বৃত্তই লুটি নিলে ১ লাখ ২০ হাজাৰ টকা

 09/16/2021 - 18:51
 
 
ৰঙিয়াঃ ৰঙিয়াত দিন দুপৰতে শিক্ষকৰ পৰা দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকা। বাইকৰ টুলবক্সৰ ত'লা ভাঙি লুটি নিলে ১ লাখ ২০ হাজাৰ টকা। বলদেৱ কলিতা নামৰ শিক্ষক গৰাকীয়ে ৰঙিয়া ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ পৰা ১ লাখ ২০ হেজাৰ টকা উলিযায়। বেংকৰ পৰা ধনখিনি উলিয়াই বাইকৰ টুলবক্সত ভৰাই বলদেৱ কলিতাই গৃহ অভিমুখে আহি আছিল।
 
পিছত শিক্ষক কলিতাই ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ দাঁতিত বাইক খন ৰখাই এখন দোকানত বজাৰ কৰে। সেই সময়তে শিক্ষক কলিতাক বেংকৰ পৰা বাইকেৰে অনুসৰণ কৰি অহা দুজনীয়া দুৰ্বৃত্তৰ দলটোৱে মূহুৰ্ততে বাইকৰ টুলবক্সৰ ত'লা ভাঙি ধন খিনি লৈ উধাও হয়। এই সমগ্ৰ ঘটনাটো বন্দী হয় চিচি টিভি কেমেৰাত। পিছত কলিতাই ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে চিচি টিভিৰ ফুটেজৰ আৰ ধৰি তদন্ত আৰম্ভ কৰিছে যদিও দুৰ্বৃত্তৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।