কামপুৰতো আজিৰ পৰা আৰম্ভ দশম শ্ৰেণীৰ পাঠদান

 09/20/2021 - 13:38
 
 
 
কামপুৰঃ ক'ৰণা মহামাৰীৰ সৃষ্ট পৰিৱেশৰ বাবে দীৰ্ঘদিন বিদ্যালয়ৰ পাঠদানৰ পৰা আতৰি থাকিব লগা হোৱাৰ পিছত আকৌ বিদ্যালয়লৈ আহিছে ছাত্ৰ-ছাত্ৰী। কেইবাটাও পৰ্য্যায়ত হোৱা লকডাউনত বিদ্যালয়ৰ পাঠদান পৰা বঞ্চিত হৈ থাকি আজিৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেনীৰ পাঠদান।
 
নগাঁও জিলাৰ কামপুৰ কচুৱা অঞ্চলৰ বিভিন্ন বিদ্যালয়তো ক’ভিডৰ নীতি-নিয়ম মানি বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষা গ্ৰহণ কৰাত ব্যস্তু হৈ পৰিছে ছাত্ৰ-ছাত্ৰী। ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আহি নিজৰ শিক্ষাগুৰু বন্ধুবৰ্গক লগ পাই উৎফুল্লিত হৈ পৰিছে। অনুৰূপ পৰিৱেশ দেখা গৈছে শিক্ষাগুৰু সকলৰ মাজতো।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।