বৰপথাৰ দুৱৰণি অঞ্চলত অৱস্থিত ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নৰ সমল থকা ঠাই পৰিদৰ্শন বিশ্বজিৎ দৈমাৰীৰ

 09/20/2021 - 19:53
 
 
 
 
সৰুপথাৰঃ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডা: নোমল মমিন বিধায়ক ভূপেন বড়ো, বিধায়িকা নন্দিতা গাৰ্লুচাসহ বিধায়নী দলটো সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ দুৱৰনী অঞ্চলৰ ঐতিহাসিক সমলসমূহ পৰিদৰ্শন কৰে। এসময়ৰ কছাৰী সাম্ৰাজ্যৰ ৰাজধানী বুলি অনুমান কৰা বৰপথাৰ দুৱৰনী অঞ্চলত চলোৱা খনন কাৰ্য্যত উদ্ধাৰ হোৱা ভগ্নাৱশেষ পৰিদৰ্শন কৰে।
 
উল্লেখ্য যে ঐতিহাসিক দুৱৰণী অঞ্চলত বিভিন্ন সময়ত খনন কাৰ্য্যত উদ্ধাৰ হৈছে পঞ্চম শতিকাৰ পৰা নৱম শতিকাৰ ভিতৰৰ বিভিন্ন মঠ মন্দিৰ, দেৱ দেৱতাৰ মূৰ্তি আৰু ৰাজহাউলি সদৃশ অট্টালিকাৰ ভগ্নাৱশেষ, প্ৰাচীন মুদ্ৰা আৰু পুৰামাটি আৰু শিলালিপি।
 
উক্ত সমলসমূহৰ পৰা অঞ্চলটোত  কছাৰী ৰজাই ৰাজত্ব কৰা বুলি অনুমান কৰা হৈছে। বিধায়নি দলটোৱে উক্ত এলেকাটো আজি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদন দাখিল কৰাৰ লগতে সংৰক্ষন আৰু বিজ্ঞানসন্মত অধ্যয়ন কৰা ব্যৱস্থা কৰাৰ হ’ব বুলি জানিবলৈ দিয়ে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।