দৰঙৰ গৰুখুঁটিৰ উচ্ছেদস্থলীত আৰক্ষীৰ গুলীচালনা সম্পৰ্কে বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ তীব্ৰ প্ৰতিক্ৰিয়া

 09/23/2021 - 19:35
 
 
কলগাছিয়াঃ দৰঙৰ গৰুখুঁটিৰ উচ্ছেদস্থলীত আৰক্ষীৰ গুলীচালনা সম্পৰ্কে বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰশাসনৰ গুলিচালনাৰ ঘটনাক অমানৱীয়, অসাংবিধানিক আৰু বৰ্বৰ আখ্যা| এয়া এক হত্যাকাণ্ড বুলি তীব্ৰ গৰিহণা দিয়ে বিধায়ক গৰাকীয়ে| "মিজোৰামৰ ওচৰত চৰকাৰে নিৰ্লজ্জভাৱে আত্মসমৰ্পন কৰিছিল|
 
তেতিয়া অসম পুলিচৰ গুলি ফুটা নাছিল| কিন্তু এতিয়া নিজৰ দেশত অসমীয়া ভূমিহীনৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাই হত্যা কৰিলে| এই হত্যাকাণ্ডক গৰিহণা দিছো|" এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে| যি সকল পুলিচ আৰু ছিভিল ড্ৰেচ পৰিহিত ব্যক্তিয়ে নিৰিহ লোকৰ ওপৰত আক্ৰমণ চলাইছিল তেওংলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় বিধায়ক গৰাকীয়ে| 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।