টীয়কৰ মেধাৱী ছাত্ৰী স্মৃতি বৰাৰ দুয়োটা কিডনি বিকলঃ সহায়ৰ বাবে আহ্বান

 09/24/2021 - 12:29
 
 
 
 
টীয়কঃ তাইৰ বহুতো সপোন আছে ঘৰখন আৰু সমাজখনক লৈ কিন্তু সময়ে বাধা দিছে মেধাৱী ছাত্ৰী স্মৃতি বৰাক। মেধাৱী ছাত্ৰী সহজ-সৰল স্মৃতি। টীয়ক বলমা নহাট টিপমীয়া গাঁৱৰ দুখীয়া পৰিয়ালৰ  এগৰাকী ছাত্ৰী তথা টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম সন্মাসিকৰ মেধাৱী ছাত্ৰী স্মৃতি বৰাৰ  দুয়োটা কিডনি বিকল হৈ পৰিছে।
 
খেতি-বাতি কৰি কোনোমতে পৰিয়াল ভৰণ পোষণ দিয়া পিতৃ ৰজনী বৰাই জ্যেষ্ঠ কন্যা গৰাকীৰ চিকিৎসাৰ নামত ইতিমধ্যে বহু টকা খৰছ কৰিলে কিন্তু দুয়োটা কিডনি বিকল হোৱাৰ বাবে চিন্তাত পৰিছে পৰিয়াল। কাৰণ নতুন কিডনি সংস্থাপন কৰিলেহে ছাত্ৰী গৰাকী সুস্থ হৈ উঠিব কিন্তু কিডনি নতুনকৈ সংস্থাপনৰ বাবে প্ৰয়োজন হৈছে কেইবালাখ টকাৰ। উপায়ন্তৰ হৈ পৰিয়ালটিয়ে এতিয়া চৰকাৰ তথা হৃদয়বান লোকৰ সহায় ভিক্ষা কৰি নিম্নলিখিত বেংক একাউন্টটো ৰাইজৰ বাবে আগবঢ়াই দিছে।SBI Ac No-40352661224 IFSC CODE-SBIN0001718 Phone Number:-6000634142
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।