জামুগুৰিহাটৰ কুসুমটোলাস্থিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন, আহত দুজন

 09/26/2021 - 12:20
 
 
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলাস্থিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷ এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।
 
কুসুমটোলাৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তেজপুৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা এখন তীব্ৰবেগী ট্ৰাকৰ লগত বিপৰীত দিশৰ পৰা গৈ থকা এখন বালি কঢ়িওৱা ডাম্পাৰে মুখামুখিকৈ খুণ্ডা মৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।
 
দুৰ্ঘটনাটোত ডাম্পাৰখনৰ চালক চনেন বড়ো (২৯) থিতাতে নিহত হোৱাৰ বিপৰীতে প্ৰহ্লাদ চুনি আৰু আকৰ তেলী নামৰ আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়। জামুগুৰি আৰক্ষীয়ে আহত দুইজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ স্থানীয় উত্তৰ জামুগুৰি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰায় যদিও দুয়োৰে অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।