প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু সফল প্ৰশাসনৰ দুই দশক সম্পূৰ্ণ হোৱাৰ উপলক্ষে নলবাৰী মহাবিদ্যালয়ত ৰক্তদান শিবিৰ

 09/26/2021 - 14:15
 
 
 
 
নলবাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু সফল প্ৰশাসনৰ দুই দশক সম্পূৰ্ণ হোৱাৰ উপলক্ষে নলবাৰী মহাবিদ্যালয়ত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ উদ্যোগত আৰু নলবাৰী মহাবিদ্যালয়ৰ সহযোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ৰক্তদান মহৎ কাম এই কথা উল্লেখ কৰে নলবাৰী জিলা যুৱ মৰ্চাৰ কৰ্মীসকলে।
 
নলবাৰী জিলা যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মনে উল্লেখ কৰে যে নৱ প্ৰজন্ময় নিচাযুক্ত দ্ৰব্যৰ পৰা যাতে দূৰত থাকে তাৰ বাবে আহ্বান জনোৱাৰ উপৰিও গাঁৱে-ভুৱে বিভিন্ন ধৰণৰ সজাগতামূলক ব্যৱস্থা ল’ব বুলি উল্লেখ কৰে।আজি নলবাৰী জিলা যুৱ মৰ্চাৰ ভালেসংখ্যক কৰ্মীয়ে উক্ত অনুষ্ঠানত ৰক্তদান কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।