কামপুৰৰ জুৰিপাৰ পঞ্চায়তত চলি অহা দাদালৰাজ সম্পৰ্কত বিশেষ সভা

 09/29/2021 - 15:55
 
 
কামপুৰঃ চৰকাৰে দালালৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ অহাৰ সময়তে কামপুৰৰ জুৰিপাৰ পঞ্চায়তত চলি অহা দাদালৰাজ সম্পৰ্কত আজি পঞ্চায়তখনত অনুষ্ঠিত এখন সভাত বিশেষভাৱে আলোচনা হয়। উল্লেখ্য যে বিগত কিছুদিন ধৰি কুশল মেধি আৰু মজিবুৰ ৰহমান নামৰ দুজন লোকে পঞ্চায়তৰ মুৰব্বীসকলক বিভিন্ন অভিযোগ আৰু অজুহাত দেখুৱাই ধন দাবী কৰি আহিছিল।
 
যাৰ কাৰণে পঞ্চায়তৰ কাম-কাজত বিশৃংখলতা সৃষ্টি হৈ আহিছিল। দালাল দুটাৰ এনে কৰ্ম কাণ্ডত অতিষ্ঠ হৈ পৰিছিল। আজি জুৰিপাৰ পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত পঞ্চায়তখনত চলি থকা দালালৰাজৰ অন্ত পেলাই পঞ্চায়তৰ মুৰব্বীসকল অধিকভাৱে উন্নয়নৰ কামত মনোযোগ দিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।