10/02/2021 - 13:06
in
টীয়কঃ ১৯৪৫ চনতে মহামানৱ মহাত্মা গান্ধীয়ে পত্নীৰ স্মৃতি জীয়াই ৰাখিবলৈ দেশৰ গ্ৰাম্যাঞ্চলৰ শিশু, আৰু বিশেষকৈ মাতৃসকলৰ শৈক্ষিক, শাৰীৰিক, বৌদ্ধিক আদি দিশত উৎকৰ্ষ সাধনৰ বাবেই জন্ম দিছিল "কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট” (kosturuba Gandhi National Memorial Trust” নামেৰে এক বিশেষ অনুষ্ঠান আৰু সেই ট্ৰাষ্টৰ অধীনতে পৰবৰ্তী পৰ্যায়ত দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰান্তত সেৱাশ্ৰম স্থাপন কৰিছিল।
সেই অনুসৰি ১৯৫৩ চনত যোৰহাট জিলাটো একমাত্ৰ সেৱাকেন্দ্ৰ টীয়ক চাহ-বাগিচাত “কস্তুৰবা গান্ধী বনুৱা উন্নয়ন কেন্দ্ৰ” নামেৰে এটা কেন্দ্ৰ স্থাপন কৰে আৰু ইয়াৰ যোগেদিয়েই বৃহত্তৰ টীয়ক অঞ্চলৰ কন কন শিশুসকল আইমাতৃ সকলক গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা, সু স্বাস্থ্যবান, শৈক্ষিক তথা বৌদ্ধিক দিশত আগুৱাই নিয়াত তাহানিৰ ১৯৫৩ চনৰ পৰাই আজিলৈকে নিজস্বভাৱে সেৱা চলাই আহিছে৷ আজিও দুৰ্বল আন্তঃগাঠনিৰ মাজেদিয়েই এই অনুষ্ঠানটোৱে শিশুসকলক মানুহ হিচাপে গঢ় দিয়াত শ্ৰম কৰি আহিছে নিৰবিচিন্নভাবে।
শিশুসকলক পাঠ দানৰ লগতে খেল-ধেমালি আৰু মহিলাসকলক সুতা কটা, তাত বোৱা শিকোৱা লগতে গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰি আহিছে। চৰকাৰ অলপ সহায় সহযোগিতাই এই সেৱা কেন্দ্ৰটো অধিক প্ৰাণৱন্ত কৰি তুলিব পাৰিব বুলি আশা ব্যক্ত কৰিছে কেন্দ্ৰটোৰ পৰিচালিকা স্বৰ্ণ হাজৰীকাই।