10/02/2021 - 19:36
in
নলবাৰীঃ নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতাক সচিব জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত "প্ৰজ্ঞা যোজনাৰ" অধীনত ১৫দিনীয়া TET পৰিক্ষাৰ্থীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ দিয়া হয়। শনিবাৰে এই প্ৰশিক্ষণৰ সফল সামৰণি অনুষ্ঠান ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই সামৰণি অনুষ্ঠানত বিধায়ক জয়ন্ত মল্ল বৰুৱাক বিশেষকৈ শিক্ষকৰ ৰূপত দেখিবলৈ পোৱা যায়। কোনো ধৰণৰ ৰাজনৈতিক ভাষণ নাৰাখি পৰিক্ষাৰ্থীসকলক উদ্দেশ্যি ৰাজনীতি বিজ্ঞানৰ "চৰকাৰ" আৰু "গণতন্ত্ৰ"শীৰ্ষক পাঠটিৰ ওপৰত ভালে সংখ্যক প্ৰশ্ন কৰে। লগতে উপস্থিত পৰিক্ষাৰ্থীসকলক কেনেকৈ প্ৰস্তুত হব লাগে, সেই সম্বন্ধে ভালেমান কৌশল প্ৰদান কৰে। লগতে উল্লেখ কৰে পৰিক্ষাৰ্থীসকলে অধিক শ্ৰম-অধ্যায়নৰ ফলতহে চাকৰি পাব। এই অনুষ্ঠানত নলবাৰী চহৰৰ দুখন মহাবিদ্যালয় ক্ৰমে নলবাৰী মহাবিদ্যালয়, এম এন চি বালিকা মহাবিদ্যালয়, অধ্যক্ষ সকল, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পুৰাতন অধ্যায়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য উপস্থিত থাকে। অনুষ্ঠানৰ শেষত প্ৰশিক্ষণ দিয়া সমল শিক্ষকসকলক বিধায়ক জয়ন্ত মল্ল বৰুৱাই সম্বৰ্ধনা জ্ঞাপন কৰে।