কোৱাইকটা সত্ৰত উত্তপ্ত পৰিস্থিতিঃ সত্ৰক কেন্দ্ৰ কৰি দুইপক্ষৰ মাজত টনা-আঁজোৰা

 10/03/2021 - 15:53
 
 
 
বটদ্ৰৱাঃ অসম আৰু অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মভূমি শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ নাতিদূৰত অৱস্থিত কোৱাইকটা সত্র। গুৰুজনাৰ স্মৃতি বিজড়িত কোৱাইকটা সত্ৰক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সত্ৰত মোতায়ন কৰা হৈছে আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ দল।
 
আজি বিশ্ব হিন্দু মহাসংঘ, অসমৰ উদ্যোগত কোৱাইকটা সত্র সন্মুখত বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে কোৱাইকটা সত্রত বিশ্ব হিন্দু মহাসংঘ, অসমৰ প্ৰতিনিধি দল উপস্থিত হোৱাত দুইপক্ষৰ মাজত কথাত কটা-কটি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সত্ৰত মোতায়ন কৰা হৈছে আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ দল।
 
উল্লেখ্য যে, যোগল চন্দ্ৰ দেৱ গোস্বামী নামৰ এজন ব্যক্তিয়ে কোৱাইকটা সত্ৰ খনিৰ ঐতিহ্য আৰু পৰম্পৰাত ব্যাঘাত জন্মোৱাৰ লগতে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এক দীৰ্ঘদিনীয়া বান্ধোনত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰি আহিছে বুলি কোৱাইকটা সত্ৰৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।