10/03/2021 - 16:42
in
জামুগুৰিহাটঃ চতিয়াৰ ২নং বৰভেটী গাঁৱত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা৷ তিলবাহদুৰ চেত্ৰী নামৰ ষাঠি উৰ্দ্ধৰ লম্পটোৱে ১৪ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণৰ অপ্ৰচেষ্টা। অভিযোগ মতে আজি কেইদিনমানৰ আগতে কিশোৰী গৰাকী বৃদ্ধ লম্পট তিলবাহদুৰৰ ঘৰলৈ আহিছিল সেইসময়তে ঘৰত কোনো নথকাৰ সুযোগত বৃদ্ধ লম্পট তিলবাহদুৰৰ যৌনকামানাৰ বলি হ’ল কিশোৰী গৰাকী।
ভয় আৰু লাজত সেই দিনাই কথাটো কিশোৰী গৰাকীয়ে প্ৰকাশ কৰা নাছিল যদিও শনিবাৰে নিশা কিশোৰী গৰাকীয়ে আত্মীয়ক ঘটনা অৱগত কৰাত লগে লগে চতিয়া আৰক্ষী থানাত অভিযোগ দাখিল কৰে আৰু অভিযোগ লাভ কৰাৰ লাগে লগে অভিযুক্ত তিলবাহদুৰক চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত তিলবাহদুৰে ঘটনা স্বীকাৰ কৰিছে আৰক্ষীৰ জেৰাত।
লম্পট তিলবাহদুৰ চেত্ৰীক কঠোৰ শাস্তিৰ দাবী তুলি চতিয়া ২নং বৰভেটী গাঁৱৰ মহিলাসকল সমাবেত হয় চতিয়া আৰক্ষী থানাৰ চৌহদত। প্ৰতিবাদী মহিলাসকলক চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজিৎ শৰ্মাই দোষীৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণৰ কৰাৰ আচ্চাস প্ৰদান কৰাতহে প্ৰতিবাদী মহিলাসকল আঁতৰি যায়।