ব'হাগী অসমৰ উদ্যোগত অনুষ্ঠিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ

 10/03/2021 - 17:45
 
 
 
 
বাহাৰঘাটঃ নলবাৰী জিলাৰ বৰভাগ গঠিত বহাগী অসমৰ উদ্যোগত বিগত সময়ত কৰ’না মহামাৰীৰ স্তব্ধতাৰ মাজত ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখনি অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছিল৷ আজি দিনৰ ভাগত পশ্চিম বড়িগোগ অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুল সানেকুছিত উক্ত প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়।
 
উল্লেখ্য যে, ব'হাগী অসমৰ সভাপতি চাজিদ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বটা বিতৰণী সভাত পশ্চিম বড়িগোগ কনিষ্ঠ মহাবিদ্যালয়ৰ বিষয় শিক্ষক ভূপেন চন্দ্ৰ লহকৰ, বৰভাগ শাখা সাহিত্য সভাৰ সম্পাদক পৰেশ কলিতা, বৰভাগ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক হিমজ্যোতি ভূঞা, সাংবাদিক নৰেন শৰ্মা, পংকজ লহকৰ, সমাজকৰ্মী ভূৱনেশ্বৰ দাস, সত্য বৰুৱা, পুলক কলিতা উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
 
প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চিন্ময়ো বৰদলৈ, দ্বিতীয় স্থান তৃষিতা ভট্টাচাৰ্য আৰু তৃতীয় স্থান লাভ কৰে এয়াচমিনা আখতাৰে৷ উক্ত সভাত অনলাইন যোগে আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয়। প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থান লাভ কৰা বিজয়ী প্ৰতিযোগীক গামোচা, জাপি, মানপত্ৰ, কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰে৷ 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।