বাক্সাৰ বালিপুৰ আৰু ওদালগুৰিত মানাহৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ তাণ্ডৱ

 10/04/2021 - 13:04
 
 
শালবাৰীঃ যোৱানিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বাক্সাৰ বালিপুৰ পথাৰ আৰু ওদালগুৰীত বন্যহস্তীৰ উপদ্ৰপ। বন্যহস্তীয়ে খাই তহিলং কৰিলে বিঘাই বিঘাই টিয়ঁহ, বিলাহী, বেঙেনা আদি শস্য। নিশা হলেই প্ৰায়েই ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলটোলৈ ওলাই আহে বন্যহস্তী। একেদৰে যোৱানিশাও প্ৰায় ১০০ৰ অধিক বন্যহস্তী এটা জাকে খাই তহিলং কৰে অঞ্চলটোৰ কৃষিভূমি।
 
যাৰ বাবে মূৰে-কপালে হাত দিবলগীয়া হৈছে অঞ্চলটোৰ দুৰ্ভগীয়া কৃষকসকল।উল্লেখ্য বন্যহস্তী অহাৰ উমান পাই ৰাইজে হাতে হাতে জুই লৈ, ফটকা ফুটাই বন্যহস্তী খেদাৰ চেষ্টা চলায়ো বিফল হয়। এই ক্ষেত্ৰত বন বিভাগৰ বিৰুদ্ধে কোনো বিশেষ পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰে ৰাইজে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।