লংকাত উপস্থিত গো-ৰক্ষা বিভাগৰ কেন্দ্রীয় মন্ত্রী উমেশ পৰোৱাল

 10/04/2021 - 19:06
 
 
 
লংকাঃ গৰুৰ গো-আধাৰত কৃষি আৰু কৃষক ৰাইজক গৰুৰ গোৰ। উপকাৰীতা শীৰ্ষক ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে হোজাই জিলাৰ লংকাৰ ২ নং পিপলপুখুৰী উদয়পুৰত আজি উপস্থিত হয় বিশ্ব হিন্দু পৰিষদৰ গো-ৰক্ষা বিভাগৰ কেন্দ্রীয় মন্ত্রী উমেশ পৰোৱাল।
 
উপস্থিত হৈ প্ৰথমে গো-মাতাক সেৱা জনোৱাৰ লগতে উক্ত অঞ্চলটোৰ স্থানীয় কৃষক ৰাইজ, গো-পালক সকলক গৰুৰ গো(গোৱৰ), মুতৰ প্ৰয়োজনীয়তা আৰু উপকাৰীতা সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস কৰা হয় লগতে ৰাসায়নিক সাৰৰ পৰিবৰ্তে গো-আধাৰত কৃষি কৰা, গৰুৰ গো-মুতৰ পৰা উৎপাদন কৰিব পৰা বিভিন্ন সামগ্ৰী সন্দৰ্ভত স্থানীয় ৰাইজক অৱগত কৰা হয়।
 
কৃষক ৰাইজক কেনেদৰে প্ৰশিক্ষণ লৈ আত্মনিৰ্ভৰশীল হব পাৰিব সেই সন্দৰ্ভতো ৰাইজক অৱগত কৰোৱা হয়। লংকাৰ পৰাই এই সজাগতা অভিযান কাৰ্য্যসূচী শুভাৰম্ভণি কৰাৰ লগতে সমগ্ৰ ৰাজ্যৰ বিভিন্ন ঠাইত পৰবৰ্তী সময়ত কৃষক ৰাইজৰ মাজলৈ গৈ সজাগতা অনাৰ প্ৰয়াস কৰা হব বুলি জানিবলৈ দিয়ে।
 
আনহাতে আকৌ অসম চৰকাৰে গো ৰক্ষা সন্দৰ্ভত লোৱা কঠোৰ পদক্ষেপৰ বাবেও অসম চৰকাৰক ধন্যবাদ জনাই উমেশ পৰোৱালে। লগতে তেওঁ লগত উপস্থিত থাকে ৰাজ্যৰ গো-ৰক্ষাৰ প্ৰমুখ অংকুৰ বেজবৰুৱা আৰু গো-ৰক্ষাৰ বিভিন্ন সংগঠনৰ নেতা কৰ্মী। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।