আলফাই হত্যা কৰা কাকপথাৰৰ আছুৰ নেতা স্বৰ্গীয় কৰুণ মহন্তৰ সোঁৱৰণিত ফুটবল প্ৰতিযোগিতা

 10/05/2021 - 14:59
 
 
কাকপথাৰঃ আলফা(স্বা)য়ে গুলিয়াই হত্যা কৰা কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কৰুণ মহন্ত সোঁৱৰণিত এখন ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই৷ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত কৈলাশপুৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত মদাৰখাট উদীয়মান যুৱ সংঘ, কৈলাশপুৰবাসী ৰাইজ আৰু পূৰ্বাঞ্চল ক্ৰীড়া সংঘৰ সহযোগত আৰম্ভ হোৱা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি আজি আনুষ্ঠানিকভাবে উদ্বোধন কৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কনছেং গগৈয়ে৷
 
আৰম্ভণি অনুষ্ঠানত ছাত্ৰ নেতা বিতু ডেকা, ক্ৰীড়া সংগঠক গিৰিশ মহন্ত, বৰডুমচা আৰক্ষী থানাৰ আৰক্ষী বিষয়া অৰ্পূব দাসকে ধৰি বহু বিশিষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ আৰম্ভণি খেলখন ডিব্ৰপৰীয়া ফুটবল দল বনাম জাকৈচুক ফুটবল দলৰ মাজত অনুষ্ঠিত হয়৷ অহা ৯ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলৰ লগতে সমগ্ৰ প্ৰতিযোগিতাখনিত সকলো ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ কামনা কৰিছে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।