আজি শপত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

 10/07/2021 - 19:42
 
 
 
নিউজ ডেস্কঃ সদ্য সমাপ্ত পশ্চিমবংগৰ উপ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে জয় লাভ কৰিবলৈ সক্ষম হৈছিল। তিনিটা সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
 
মমতা বেনাৰ্জীয়ে উপ-নিৰ্বাচনত লাভ কৰে ৮৫,২৬৩ টা ভোট৷বিজেপিৰ প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰুৱালাক প্ৰায় ৫৮ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।