মাওবাদীৰ গুলিত নিহত অসমৰ জোৱান

 06/02/2019 - 18:19

ডিজিটেল ডেস্কঃ আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষত অসমৰ এজন জোৱান শ্বহীদ হয়। ঝাৰখণ্ডৰ দুমকাত আৰক্ষী আৰু মাওবাদী সংঘৰ্ষত SSBৰ এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন চাৰিজন জোৱান আহত হয়। আহত জোৱানকেইজনক চিকিৎসাৰ বাবে সদৰ হস্পিতাললৈ লৈ যোৱা হয়।

ইয়াৰে এজন জোৱানক সংকটজনক অৱস্থাত ৰাঁচীলৈ প্ৰেৰণ কৰা হৈছে। শ্বহীদ জোৱানজন অসমৰ নীৰজ ক্ষেত্ৰী বুলি জানিব পৰা গৈছে। ৰানেশ্বৰ থানাৰ কটহলিয়া গাঁৱৰ জংঘলৰ সমীপত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু SSBএ যুটীয়া অভিযান চলাইছিল। পুৱতি নিশা ৪ বজাত আৰক্ষীক দেখা মাত্ৰকেই মাওবাদীয়ে গুলী চলাবলৈ আৰম্ভ কৰিছিল আৰু আৰক্ষীয়ে ইয়াৰ প্ৰত্যুতৰ দিছিল।এই ঘটনা SSBৰ ৫ জন জোৱান আহত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।