10/10/2021 - 17:11
in
বাহাৰঘাটঃ ৰঙিয়া মহকুমাৰ অন্তৰ্গত কঞাঁ আৰক্ষী থানাত আজি থানাখনৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সভাপতি আৰু সম্পাদক সমূহক লৈ আগন্তুক দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত পূজা পৰিচালনা সমিতিৰ লগতে ৰাইজে পূজা উপভোগ কৰোতে লবলগীয়া কভি’ড প্ৰতিৰোধী আচৰণ বিধি সম্পৰ্কে আলোচনা কৰে৷
গাঁওৰক্ষী বাহিনী সমূহৰ সভাপতি নগেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত থানাখনৰ অন্তৰ্গত তিনিখন পূজা ক্ৰমে সৌৰামুৰী, বৰপূল্লা আৰু কামপীঠৰ পৰিচালনা সমিতি কেইখনক সম্পূৰ্ণৰূপে চৰকাৰী কভি’ড আচৰণ বিধি মানি চলাৰ বাবে পৰামৰ্শ আগবঢ়াই৷ সভাৰ অন্তত উক্ত পূজা পৰিচালনা সমিতি কেইখনক গাঁওৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱক সকলে সেৱা আগবঢ়াই সহায় কৰিব বুলি আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল তালুকদাৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷