লামডিং বনাঞ্চলত হ’বলগীয়া উচ্ছেদ সন্দৰ্ভত হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্যৰ মন্তব্য..

 10/10/2021 - 17:37
 
 
 
লংকাঃ লামডিং বনাঞ্চলত হ’বলগীয়া উচ্ছেদ সন্দৰ্ভত হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্যৰ মন্তব্য। লামডিং বনাঞ্চলত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি
তিনিটা পৰ্য্যায়ত হ’ব প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰথমে অক্টোবৰ-নবেম্বৰ, দ্বিতীয় পৰ্য্যায়ত ডিচেম্বৰ-জানুৱাৰী আৰু তৃতীয় পৰ্য্যায়ত জানুৱাৰী-ফ্ৰেব্ৰুৱাৰীত হ’ব উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে তাৰিখো নিধাৰণ কৰা হৈছে। উচ্ছেদৰ সকলো নিৰীক্ষণ কৰিব উচ্চ ন্যায়ালয়ে। যিসকলে লামডিং বনাঞ্চলৰ চৰকাৰী ভূমি বেদখল কৰি আছে সেইসকলক বিহিব লাগে জৰিমনা।
 
আৰু বনমন্ত্ৰী চৰকাৰে বহু আগতেই উচ্ছেদ কৰিব লাগে বুলি মন্তব্য কৰে৷ যোৱা বিধানসভাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা আৰু পীয়ুষ হাজৰিকাই শিলাদিত্যৰ ঘৰত আহি বিজেপিৰ উচ্চ পদ দিয়া হ’ব বুলি যি আশ্বাস দিছিল, সেই আশ্বাস বৰ্তমানো পূৰণ নোহোৱা সন্দৰ্ভত শিলাদিত্যই কয় যে, মই কি আশ্বাস দিছিল শুনা নাছিলো৷ সেয়া আপোনালোকৰ কেমেৰাত আছে বুলি কৌশলপুৰ্ণ মন্তব্য কৰে৷ যোৱা বিধানসভা নিৰ্বাচনত মই মোৰ ধৰ্ম পালন কৰিলো। দলৰ স্বাৰ্থত, হোজাই বাসীৰ স্বাৰ্থত মই নিৰ্দলীয়ভাবে খেলা নাই। মই খেলা হলে, বদৰউদ্দিনৰ দপদপনি হ'ল হয় হোজাইত। সেইহে নেখেলিলো।। ইফালে তৃনমুল কংগ্ৰেছত যোগদান সন্দৰ্ভত প্ৰাক্তন বিধায়ক গৰাকীয়ে, আগতেও তৃনমুল,এতিয়াও তৃনমুল,আৰু তৃনমুল হৈয়ে থাকিব বুলি মন্তব্য কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।