ছৰফৰাজৰ দৰে ইমান পেট ওলোৱা আনফিট কেপ্টেইন ক’তো দেখা নাইঃ খঙত অগ্নিশৰ্মা ছোৱেইৱ আখতাৰ

 06/02/2019 - 18:32

ডিজিটেল ডেস্ক: ২০১৯ আই চি চি ক্ৰিকেট বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাজিত হোৱা পাকিস্তান দলক তীব্ৰ সমালোচনা কৰিছে পাকিস্তানৰ প্ৰাক্তন বলাৰ ছোৱেইৱ আখতাৰে। ইমান পেট ওলোৱা কেপ্টেইন কতো দেখা নাই।আখতাৰে ছৰফৰাজৰ ফিটনেচক লৈ প্ৰশ্ন উত্থাপন কৰি কয় ছৰফৰাজতকৈ আনফিট অধিনায়ক মই আজিলৈক কতো দেখা নাই। উল্লেখযোগ্য যে চলিত বিশ্বকাপৰ এই মেচখনত ৱেষ্ট ইণ্ডিজৰ হাতত ৭ ইউকেটত পৰাস্ত হৈছিল পাকিস্তান। এয়া পাকিস্তানৰ আটাইতকৈ শোচনীয় পৰাজয়।

প্ৰথমে বেটিং কৰা পাকিস্তান দলে ২১.৩ অভাৰত মাত্ৰ ১০৫ ৰান কৰিবলৈ সক্ষম হয়। পাকিস্তানৰ এয়া দ্বিতীয় নূন্যতম স্কৰ। ইয়াৰ পূৰ্বে ১৯৯২ চনত ইংলেণ্ডৰ বিৰুদ্ধে এডিলেইত ৭৪ ৰানত অল আউট হৈছিল পাকিস্তান। ১০৫ৰান কৰা পাকিস্তানৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰে ৱেষ্ট ইণ্ডিজে। ক্ৰিছ গেইলৰ অৰ্ধ শতকৰ সহায়ত ১৪ অভাৰতে জয়ৰ লক্ষ্যত উপনীত হয় ৱেষ্ট ইণ্ডিজ।

খেলখনত যিদৰে পাকিস্তানৰ বেটছমেন সকল আউট হৈছিল সেয়া দেখি ছোৱেইৰ আখতাৰে ছচিয়েল মিডিয়াত লিখিছিল 'মোৰ মাত বন্ধ হৈ গৈছিল'। তাৰ পিছতো আখতাৰৰ এটা ভিডি'অ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল যত ছৰফৰাজৰ ফিটনেচক লৈ প্ৰশ্ন তোলে আখতাৰে।তেওঁ কয় যে যেতিয়া ছৰফৰাজ টচ কৰিবলৈ গৈছিল তেতিয়া তেওঁৰ পেট ওলমি আছিল। প্ৰথমবাৰৰ বাবে ইমান আনফিট কেপ্টেইন দেখিছো। দলৰ বলাৰ মহম্মদ আমিৰক প্ৰশংসা কৰে আখতাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।