৫৬ নং বনগুগী গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱন উদ্বোধন

 10/10/2021 - 20:09
 
 
 
 
কলগাছিয়াঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰূপসী উন্নয়ন খণ্ডৰ অধীনস্থ ৫৬ নং বনগুগী গাঁও পঞ্চায়তৰ নৱ নিৰ্মিত ভৱনৰ আজি উদ্বোধনী অনুষ্ঠান। উক্ত উদ্বোধনী অনুষ্ঠানৰ সভাপতিত্ব কৰে বনগুগী গাঁও পঞ্চায়তৰ সভাপতি দেৱান আব্দুল কৰিম। ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আলি আকবৰৰ উপস্থিতিত জনীয়াৰ বিধায়ক ১৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱন উদ্বোধন কৰাৰ পিছত সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত কয় যে এইবাৰ উপ নিৰ্বাচনত এ আই ইউ ডি এফ'ৰ ফলাফল ভাল হব।
 
লগতে কালি মন্ত্ৰী ৰঞ্জিত দাসে এ আই ইউ ডি এফ দল থকালৈকে পাকিস্তানৰ নিচিনা লাগে বুলি কোৱাৰ প্ৰত্যুত্তৰত মন্ত্ৰী ৰঞ্জিত দাসক উভতি ধৰি বিধায়ক ৰফিকুলে কয় যে তেওঁৰ যদি পাকিস্তানৰ প্ৰতি ইমান মৰম আছে তেন্তে তেখেত পাকিস্তানলৈ গুচি যাওক- আমিতো ভাৰতীয়। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুছলমানৰ ভোট নালাগে বুলি কোৱাত বিধায়ক হাফিজ ৰফিকুল ইছলামে গৰিহণা দিয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে শপত লোৱা বাক্যখিনি প্ৰত্যেকদিনা ৰাতিপুৱা প্ৰাৰ্থনা কৰাৰ পিছত মনত পেলালে এনেকুৱা বাক্য নকৰে বুলি ক্ষুৰধাৰ সমালোচনা কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।