বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সভা: উচ্চ শিক্ষাৰ জৰিয়তে মানৱসম্পদ গঢ়াৰ আহ্বান সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

 06/02/2019 - 18:56

গুৱাহাটী: আজি বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাধাৰণ সভাখন গুৱাহাটী বিষ্ণুপথৰ শংকৰদেৱ বিদ্যা নিকেতনত অনুষ্ঠিত হয়। বন্তি প্ৰজ্জ্বলনেৰে সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে বিদ্যা ভাৰতীৰ মহামন্ত্ৰী ৰামজী আৱাৰকাৰে। কাৰ্যসূচীৰ আৰম্ভণিতে শংকৰদেৱ বিদ্যা নিকেতন বিষ্ণুপথ আচাৰ্য-আচাৰ্যা, বিদ্যাৰ্থীসকলে বন্দনা পৰিবেশন কৰি আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিগত বৰ্ষত দেশ তথা সমাজৰ কল্যাণৰ হকে জীৱন উচৰ্গা কৰা ব্যক্তিসকলক স্মৰণ কৰি এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। ইয়াৰ পাছতে মঞ্চত উপৱিষ্ট বিশিষ্ট ব্যক্তিসকলৰ পৰিচয় দাঙি ধৰে চাঞ্চিৰাম পায়েঙে।

বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক তথা বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় মন্ত্ৰী ব্ৰহ্মাজী ৰাওৱে আদৰণি ভাষণ প্ৰদান কৰে। ৰাওৱে তেওঁৰ ভাষণত কয় বিদ্যা ভাৰতীয়ে তিনিটা মূল কাৰ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। সেয়া হ'ল আদৰ্শ বিদ্যালয় স্থাপন কৰা, গৱেষণা কাৰ্য আৰু তৃতীয়তে সেৱা কাৰ্য। বিদ্যা ভাৰতীৰ শিক্ষা প্ৰণালীত প্ৰাচীন ভাৰতীয় সংস্কৃতি সংযোজন ঘটাই পঞ্চপদী শিক্ষা ব্যৱস্থাৰে আদৰ্শ বিদ্যালয় চলাই আহিছে।

সভাত বিশিষ্ট শিক্ষাবিদ ৰাজ্যপালৰ পদকপ্ৰাপ্ত এম এন চতুৰ্বেদী আৰু অশোৱান কে ভিক শিক্ষাখণ্ডলৈ আগবঢ়োৱা আজীৱন সেৱাৰ বাবে সম্বৰ্ধনা জনাই অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা মুখ্য অতিথি সিদ্ধাৰ্থ ভট্টাচাৰ্যই। মুখ্য অতিথি সিদ্ধাৰ্থ ভট্টাচাৰ্যই তেওঁৰ ভাষণত বিদ্যা ভাৰতীয়ে শিক্ষাৰ ক্ষেত্ৰত নৱ প্ৰজন্মক এক দিশ প্ৰদান কৰিছে।

মন্ত্ৰীগৰাকীয়ে বিদ্যাভাৰতী সেৱা কাৰ্যক ভূয়সী প্ৰশংসা কৰাৰ লগতে উচ্চ শিক্ষাৰ বিদ্যালয় স্থাপন কৰিবলৈ অনুৰোধ জনায়। লগতে উচ্চ বিদ্যালয় স্থাপন কৰা দিশত তেওঁৰ ব্যক্তিগত সহযোগ কৰাৰ লগতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

বিয়লি অনুষ্ঠিত মুকলি সভাৰ সঞ্চালনা কৰে পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সভাপতি জয়কান্ত শৰ্মাই। সভাত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজিৰ সভাতে বিদ্যা ভাৰতীৰ এটা পৰ্টেল উন্মোচন কৰা হয়। ক্ষেত্ৰীয় গ্ৰামীণ শিক্ষা প্ৰমুখ বশিষ্ঠ ৰাম ডেকাই শলাগৰ শৰাই আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।