10/12/2021 - 16:39
in
সৰুপথাৰঃ চৌদিশে এতিয়া দুৰ্গা পূজা। কঁহুৱা ফুলাৰ বতৰত শেৱালীৰ সুবাসেৰে আকৌ আগমন ঘটিল শৰতৰ। এই শৰতৰ সেমেকা বতৰত দুৰ্গাদেৱী হৈছে আগমন। ব্যতিক্ৰম নহয় উৰীয়ামঘাটৰ নগাআলিৰ দুৰ্গা পূজা উদযাপন সমিতি। ৰাতিপুৱাৰ পৰা চৌপাশ পৰিষ্কাৰৰ ক্ষেত্ৰত হাত উজান দিছে পূজা সমিতি তথা ৰাইজে। SOP মানি আয়োজন কৰিছে এই দুৰ্গা পূজা। দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ সেৱা লবলৈ দূৰ-দূৰণিৰ পৰা ভক্তৰ সোঁত বলা পৰিলক্ষিত হৈছে। এনে দৰেই দীৰ্ঘদিন বিৰতিৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ সৰুপথাৰটো ক’ভিড বিধি মানি পালন কৰিছে দুৰ্গা পূজা।