ড্ৰাগছৰ কবলত ৰাজ্যৰ যুৱ প্ৰজন্ম, ড্ৰাগছসহ দুই ১৮ বছৰীয়া যুৱকক আটক যোৰহাটৰ লাহদৈগড় আৰক্ষীৰ

 10/12/2021 - 18:01
 
 
 
 
টীয়কঃ ড্ৰাগছৰ কৱলত ৰাজ্যৰ যুৱ প্ৰজন্ম। ১৮ বছৰীয়া যুৱকৰ কাণ্ডই সচকিত কৰিছে সচেতন মহলক। সমাজৰ ব্যাধি স্বৰূপ ড্ৰাগছ সেৱন কৰি যোৰহাটৰ লাহদৈগড় আৰক্ষীৰ হাতত আজি বিয়লি আটক হ’ল দুই ১৮ বছৰীয়া যুৱক। ৰাজহুৱা স্থানত মুকলিকৈ ড্ৰাগছ সেৱন কৰি থাকোতেই স্থানীয় ৰাইজে হাতে-লোটে ধৰি চমজাই দিয়ে আৰক্ষীক।
 
উল্লেখযোগ্য যে লাহদৈগড় আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ৰয় আৰু ভূপেন দিহিঙীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চিপাহীখোলা পূজা মন্দিৰৰ সমীপত দুৰ্গাবাৰী বাগিচাত ড্ৰাগছসহ এই দুই যুৱকক আটক কৰে। অটকাধীন যুৱক দুজন ক্ৰমে চফিকুল হুছেইন আৰু প্ৰশান্ত হাজৰিকা। ধৃত যুৱক দুজনৰ ঘৰ লাহদৈগড় আৰু মেলেং মেটেলিৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.