অসমীয়া গহনাক বিশ্ব দৰবাৰত চিনাকী কৰি দিয়াৰ উদ্দেশ্য আগত ৰাখি দুৰ্গা পূজা উদযাপন নগাঁৱৰ এজন যুৱকৰ

 10/12/2021 - 21:01
 
 
কামপুৰঃ অসমীয়াৰ ইতিহাস সম্বলিত অসমীয়া গহনাই বিশ্বদৰবাত যি সমাদৰ পাব লাগিছিল সেই সমাদৰ বৰ্তমানও পোৱা নাই। এইবাৰ অসমীয়া গহনাক বিশ্ব দৰবাৰত চিনাকী কৰি দিয়াৰ উদ্দেশ্য আগত ৰাখি দুৰ্গাপূজা উদযাপন কৰিছে নগাঁৱৰ এজন যুৱকে। নগাঁৱৰ ৰনথলীৰ অসমীয়া গহনাৰ আন্তৰাষ্ট্ৰীয় ব্যৱসায়ী উৎপল বনিয়াই লৈছে এই পদক্ষেপ।
 
উদ্যমী যুৱকজনে নিজা বাসগৃহত ষষ্ঠবাৰৰ বাবে উদযাপন কৰিছে দুৰ্গোৎসৱ। অসমীয়া বিশ্ব দৰবাৰলৈ নিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈ অহা উৎপল বনীয়াৰ পৰিয়ালে অনুষ্ঠিত কৰা পূজা ভাগত প্ৰতিমা সমূহক পিন্ধোৱা হৈছে অসমীয়া গহনা। ব্যতিক্ৰমীভাৱে আয়োজন কৰা পূজাৰ মণ্ডমটো টিচু পেপাৰ দি তৈয়াৰ কৰিছে। মা দুৰ্গাই যাতে পৃথিৱীৰ পৰাই ক’ৰনা মহামাৰীক নিঃশেষ কৰিব পাৰে তাৰেই কামনা কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।