বৰপেটাৰোডৰ এখন ব্যতিক্ৰমী দুৰ্গাপূজাঃ প্ৰায় ৫০ ফুট ওখ জাপিৰ আৰ্হিত নিৰ্মিত মণ্ডপৰ পূজা চাবলৈ হাজাৰ হাজাৰ ভক্তৰ ভিৰ

 10/14/2021 - 12:27
 
 
শালবাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপিত হৈছে দুৰ্গাপূজা। ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰোডতো ৬০ খনতকৈ অধিক পূজা মণ্ডপত আৰাধনা কৰা হৈছে দেবী দুৰ্গাক। ইয়াৰ ভিতৰত বৰপেটাৰোডৰ এখন ব্যতিক্ৰমী পূজা মণ্ডপত ভিৰ দেখা গৈছে অজস্ৰ ভক্তৰ।
 
বৰপেটাৰোডৰ নেতাজী সংঘই ফুলাম জাপিৰ আৰ্হিত নিৰ্মাণ কৰি উলিয়াইছে প্ৰকাণ্ড মণ্ডপটো। প্ৰায় ৫০ ফুট ওখন মণ্ডপটো স্থানীয় শিল্পীৰ সহযোগত নিৰ্মাণ কৰিছে নেতাজী সংঘই।অসমীয়াৰ স্বাভিমান ফুলাম জাপিৰ আৰ্হিত নিৰ্মিত মণ্ডপটোৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে ভক্তই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.