ধুবুৰীত দুদিনীয়া ভ্ৰমণ কাৰ্য্যসূচীৰে উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দৰ্শন কৰে ধুবুৰীৰ গুৰু টেগ বাহাদুৰৰ লংগৰ

 10/14/2021 - 12:42
 
 
 
ধুবুৰীঃ ধুবুৰীত দুদিনীয়া ভ্ৰমণ কাৰ্য্যসূচীৰে উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা ধুবুৰীৰ গুৰু টেগ বাহাদুৰ দৰ্শন কৰাৰ লগতে গুৰু টেগ বাহাদুৰৰ লংগৰ (খোৱা লোৱা স্থান) পৰিদৰ্শন কৰে।
 
ফলত উক্ত স্থানত আৰক্ষী আৰু চি আৰ পি এফৰ কটকটীয়া নিৰাপত্তাৰ ব্যবস্থা কৰে ধুবুৰী  জিলা আৰক্ষী প্ৰশাসনে। পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চহৰখনৰ কলেজ নগৰ অঞ্চলত অৱস্থিত পৰিদৰ্শন কৰি পোনে-পোনে ধুবুৰী ভোলানাথ মহাবিদ্যালয় হেলিপেডত উপস্থিত হৈ হেলিপেড যোগে গুৱাহাটী লৈ ৰাওনা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।