চতিয়াৰ চৰাইজনীয়া গাঁৱত খলিল দৰ্জী নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহ জ্বলাই দিয়াৰ চেষ্টা অচিনাক্ত দুৰ্বৃত্তৰ

 10/14/2021 - 12:49
 
 
 জামুগুৰিহাটঃ বুধবাৰে নিশা চতিয়াত এঘৰ ব্যক্তিৰ বাসগৃহ জ্বলাই দিয়াৰ চেষ্টা কোনো অচিনাক্ত ব্যক্তিৰ৷ এই ঘটনা সংঘটিত হৈছে চতিয়াৰ চৰাইজনীয়া গাঁৱত৷ নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই ঘটনা৷
 
খলিল দৰ্জী নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহটোত বাহিৰৰপৰা পেট্ৰল জাতীয় পদাৰ্থৰে জ্বলাই দিয়াৰ চেষ্টা চলাইছিল৷ বাসগৃহটোৰ দুৱাৰ খিৰিকীৰ লগতে এখন মটৰচাইকেলত অগ্নি সংযোগ হয় যদিও কথমপি ৰক্ষা পৰে বাসগৃহটো৷ ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।