মৰিয়নিত নৱমী পূজাৰ বিশেষ দিনত মূল্যবৃদ্ধিৰ প্ৰতিবাদত ই-ৰিক্সাৰ যাত্ৰীৰ ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

 10/14/2021 - 14:43
 
 
 
 
মৰিয়নিঃ বৃহস্পতিবাৰে মৰিয়নিত দুৰ্গাপূজাত ব্যতিক্ৰমী ৰূপত ই-ৰিক্সা চালকৰ ৰূপত প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা।
 
মৰিয়নিত নৱমী পূজাৰ বিশেষ দিনত মূল্যবৃদ্ধিৰ প্ৰতিবাদত ই-ৰিক্সাৰ যাত্ৰীৰ ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন সাংসদ তথা যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দীপ গগৈ, তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু মৰিয়নি বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্রেছ দলৰ মনোনীত প্ৰাৰ্থী লোহিত কোঁৱৰ।
 
ৰাজীৱ ভৱনৰ পৰা ধোদৰ আলি পূজা মণ্ডপলৈ আহি দেৱী দুৰ্গাৰ আশীষ লয় ভূপেন বৰা, ৰাণা গোস্বামীকে ধৰি সকলো কংগ্ৰেছ কৰ্মীয়ে। পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধিক লৈ ই-ৰিক্সাত প্ৰতিবাদ সাৱ্যস্ত কংগ্ৰেছ কৰ্মীৰ। ৰূপজ্যোতি কুৰ্মীৰ লগতে হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ বাক্যবান ভূপেন বৰাৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।