দুৰ্গা পূজাৰ আনন্দৰ মাজতে মৰিয়নিত নৰকংকাল উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

 10/14/2021 - 14:49
 
 
মৰিয়নিঃ মৰিয়নিৰ গাভৰু চাহ-বাগিছাত নৰ কংকাল উদ্ধাৰ। দুৰ্গোৎসৱৰ আনন্দৰ মাজতে বাগিছাখনত নৰকংকাল উদ্ধাৰক চাঞ্চল্য বিৰাজ কৰিছে।বাগিছাখনৰ ১নং গ্ৰেড্‌ৰ এটা জোপোহাৰ মাজত উদ্ধাৰ কৰা হৈছে নৰকংকালটো। নৰকংকালটো এজন পুৰুষৰ বুলি সন্দেহ আৰক্ষীৰ। ঘটনাস্থলীত দেবেৰাপাৰা আৰক্ষী উপস্থিত হৈ নৰকংকালটো উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।