অংকুমনিৰ হত্যাকাৰী মন্টু বৰ্মনক আটক আৰক্ষীৰ

 10/14/2021 - 17:12
 
 
নিউজ ডেস্কঃ অংকুমনিৰ হত্যাকাৰী এজনক আটক আৰক্ষীৰ। এক গোপন সুত্ৰৰ পম খেদি নলবাৰী আৰু ঘগ্ৰাপাৰ আৰক্ষীয়ে অংকুমনিৰ হত্যাকাৰী মন্টু বৰ্মনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন মন্টু বৰ্মনৰ ঘৰ নলবাৰীৰ ঘগ্ৰাপাৰৰ কঞাকুচি কহাৰতোলা চোপাত বুলি জানিব পৰা গৈছে। মন্টু বৰ্মনৰ বয়স ৩২ বছৰ। বৰ্তমান মন্টু বৰ্মনক নলবাৰী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। মন্টু বৰ্মনৰ চিকাৰোক্তিত ন ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।