গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনাঃ নৈশ Dutyৰ মাজতে নাৰ্চক যৌন নিৰ্যাতন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ

 10/14/2021 - 17:41
 
 
নিউজ ডেস্কঃ পূজাৰ মাজতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এই চাঞ্চল্যকৰ ঘটনা। চিকিৎসালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ এগৰাকী নাৰ্চৰ। যোৱানিশা কৰ্তব্যৰত অৱস্থাতেই নাৰ্ছগৰাকীক কৰ্মস্থলীতেই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সুৰেশ বড়িৰ বিৰুদ্ধে। নিশা চিকিৎসালয়খনৰ আপাতকালীন কক্ষত নিয়োজিত আছিল নাৰ্চসহ সুৰেশ বড়ি। ভুক্তভোগী নাৰ্চগৰাকীয়ে ঘটনাৰ বিষয়ে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকক দাখিল কৰে লিখিত অভিযোগ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।