আজি মহানৱমীঃ গহপুৰৰ পুৰপবাৰী দুৰ্গা মন্দিৰত উলহ-মালহেৰে দুৰ্গা পূজা উদযাপন

 10/14/2021 - 19:03
 
 
গহপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰো ব্যক্তিক্ৰম নহয়। গহপুৰৰ পুৰপবাৰী দুৰ্গা মন্দিৰত দুৰ্গা পূজা উদযাপন কৰা দেখা পোৱা গৈছে। দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰে পৰা আজিলৈকে ভক্তসকলৰ মাজত দেখা গৈছে এক উখল মাখল পৰিৱেশ। দুৰ্গা পূজাৰ উপলক্ষে গহপুৰত এক সুকীয়া মাদকতাই বিৰাজ কৰিছে।
 
কিন্তু কৰণা মহামাৰীৰ বাবে এইবাৰ পূজা মণ্ডপসমূহত সুকীয়া পৰিৱেশ। চৰকাৰী সকলো নীতি-নিৰ্দেশনা অনুসৰি সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি আয়োজকসকলে অনুষ্ঠিত কৰিছে পূজা ভাগ, লগতে পূজা চাবলৈ অহা সকলো লোককে ক'ভিড বিধি মানি চলি মাস্ক আৰু সামাজিক দূৰত্ব বজাই পূজাৰ আনন্দ উৎসাহ উপভোগ কৰিবলৈ আহ্বান জনায় পূজা সমিতিসমূহে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।