লংকাৰ ১নং ৰে’ল গেটৰ সমীপৰ এখন হোটেলৰ পিছফালে এজন যুৱকৰ মৃতদেহ পোৱাক কেন্দ্ৰ কৰি স্থানীয় যুৱকে লণ্ডভণ্ড কৰে হোটেলখন

 10/15/2021 - 13:00
 
 
 
 
লংকাঃ লংকাৰ ১ নং ৰে’ল গেটৰ সমীপৰ সাহা হোটেলৰ পিছফালে বুধবাৰে নিশা পৰিতক্ত অৱস্থাত উদ্ধাৰ হৈছিল এটা মৃতদেহ। উক্ত মৃতদেহটো স্থানীয় যুৱক শুভাংকৰ মজুমদাৰৰ বুলি জানিব পৰা যায়। শুভাংকৰৰ গাত-মুখত আঘাটৰ চিন। ঘটনা সন্দৰ্ভত লংকা আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে বুধবাৰে সন্ধিয়া ভাগত মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্বৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে।
 
উক্ত ঘটনা সন্দৰ্ভত লংকা আৰক্ষীয়ে কোনো, ব্যৱস্থা গ্ৰহণ নকৰাত বৃহস্পতিবাৰে সন্ধিয়া সময়ত স্থানীয় উত্তেজিত ৰাইজে দোকানখন ভাঙি চুৰ-মাৰ কৰাৰ লগতে বয়বস্ত লণ্ডভণ্ড কৰে। উল্লেখ যে, লংকাৰ ১ নং ৰে’ল গেটত থকা উক্ত সাহা হোটেলত অতীতৰ পৰাই বিক্রি হয় বিলাতী সুৰাৰ লগতে দেশীয় সুৰা।
 
বুধবাৰেও শুভাংকৰে হয়তো উক্ত হোটেলখনত সুৰা সেৱন কৰি কিবা কাৰণত কাৰোবাৰ লগত কাজিয়া লগাত, কোনো অচিনাক্ত দুৰ্বৃত্বই দুৰ্গা পূজাৰ সুযোগ লৈ এনেদৰে চোকা অস্ত্রৰে প্ৰহাৰ কৰে আৰু শুভাংকৰৰ মৃত্যু হোৱাত এনেদৰে হোটেলখনৰ পিছফালে পেলাই থৈ যায় বুলি সন্দেহ কৰিছে স্থানীয় সচেতন ৰাইজে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।