10/15/2021 - 18:51
in
কলগাছিয়াঃ ২০১৪ চনত মেচুৰিটি হোৱা গ্ৰাহকৰ পইচা ঘূৰাই নোপোৱাত আজি কলগাছিয়া চাৰিয়ালি চকত এটা কোম্পানীৰ এজেন্টক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পি এ চি এল প্ৰাঃ লিমিটেড নামৰ কোম্পানীৰ এজেন্ট আজগৰ আলীয়ে একাংশ মহিলাই আটক কৰে। পিছ মূহুৰ্তত এজেন্ট আজগৰ আলী আৰু মহিলাসকলৰ মাজত টনা আজোৰাৰো সৃষ্টি হয়। জানিব পৰা মতে, পি এ চি এল প্ৰাঃ লিমিটেড নামৰ চিট কোম্পানীৰ এজেন্ট আজগৰ আলীয়ে এই মহিলাসকলৰ পৰা মাহিলী হিচাপে পইচা উঠাইছিল। সেই হিচাপে ২০১৪ চনত ১৬ গৰাকী মহিলাৰ মেচুৰিটি জমা দি মেচুৰিটিৰ ৰিচিভ মহিলাসকলক দিছিল।
কিন্তু মহিলাসকলে উক্ত মেচুৰিটিৰ ধন ঘূৰাই নোপোৱাত কোম্পানীৰ এজেন্ট আজগৰ আলীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। যাৰ বাবে আজি আজগৰ আলীয়ে কলগাছিয়া আৰক্ষী থানাত উপস্থিত হৈছিল। থানাৰ পৰা উভতি যোৱাৰ পথতে কলগাছিয়া চাৰিয়ালি চকত একাংশ ভুক্তভোগী মহিলাই আজগৰ আলীক আটক কৰি মেচুৰিটিৰ ধন ঘূৰাই বিচাৰে। পিছ মূহুুৰ্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আজগৰ আলীক আৰক্ষীয়ে থানাত লৈ যোৱাৰ মূহুৰ্তত মহিলা কেইজনীয়ে আজগৰ আলীক পিছফালৰ পৰা টানি ধৰে। ভুক্তভোগী মহিলা কেইজনীয়ে পাবলগীয়া ধন ঘূৰাই দিবলৈ দাবী উত্থাপন কৰিছে।