10/15/2021 - 19:05
in
নলবাৰীঃ শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক নামঘৰ উদয়পুৰৰ ৩৭ সংখ্যক বাৰ্ষিক অধিবেশন আৰু জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ তম্ আবিৰ্ভাৱ মহোৎসৱ কভিড-সৃষ্ট পৰিৱেশৰ বাবে অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়। উক্ত কাৰ্যসূচীত বাপ বান্ধৱ, আই মাতৃসকলৰ লগতে সকলো শ্ৰেণীৰ লোকে সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি নামঘৰত প্ৰৱেশ কৰা দেখা গ'ল।
নামঘৰ, সত্ৰসমূহত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যবাসীয়ে গুৰুজনাৰ এই পবিত্ৰ দিনতো বিশেষভাৱে উদযাপন কৰিছে। ব্যতিক্ৰম নহয় নলবাৰী জিলাৰ উদয়পুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক নামঘৰো। পুৱাৰে পৰাই ভক্তিই ভিৰ কৰিছেহি উদয়পুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক নামঘৰত। পৰিচালনা সমিতিৰ সভাপতি বিদিত ডেকা আৰু সম্পাদক কিশোৰ কুমাৰ কলিতাৰ লগতে নামঘৰ পৰিচালনা সমিতিৰ সদস্যসকলে সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি ৰাইজক নামঘৰত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে।